অধ্যায় - 5
জীৱৰ মৌলিক একক
(The Fundamental Unit of Life)
অনুশীলনী:-
Q. 1. উদ্ভিদ কোষ আৰু প্ৰাণী কোষৰ মাজত তুলনা কৰা আৰু কি কি ক্ষেত্ৰত উদ্ভিদ কোষ এটা প্ৰাণী কোষতকৈ পৃথক উল্লেখ কৰা।
উত্তৰ:-
উদ্ভিদ কোষ প্ৰাণী কোষ
i ) কোষবেৰ থাকে ii) কোষবেৰ নাথাকে।
ii) মাইক্ৰ'বডি থাকে ii) প্ৰায় মাইক্ৰ'বডি নাথাকে।
iii) ৰসধানী থাকে iii) সাধাৰণতে ৰসধানী নাথাকে।
উপৰোক্ত কাৰণসমূহৰ বাবে উদ্ভিদ কোষ এটা প্ৰাণী কোষতকৈ পৃথক।
Q. 2. কি কি ক্ষেত্ৰত প্ৰকোষকেন্দ্ৰীয় কোষবিলাক সংকোষকেন্দ্ৰীয় কোষতকৈ পৃথক উল্লেখ কৰা।
উত্তৰ:-
প্ৰকোষকেন্দ্ৰীয় কোষ সংকোষকেন্দ্ৰীয় কোষ
i) প্ৰকৃত কোষকেন্দ্ৰ নাথাকে। i) সুস্পষ্ট কোষকেন্দ্ৰ থাকে।
ii) কোষত ৰসধানী নাথাকে। ii) উদ্ভিদকোষত ৰসধানী থাকে।
iii) দ্বিবিভাজন পদ্ধতিৰে কোষ বিভাজন সম্পন্ন হয়। iii) এমাইট'ছিছ, মাইট' ছিছ আৰু মিঅ'ছিছ পদ্ধতিৰে কোষ বিভাজন সম্পন্ন হয়।
এইবোৰ ক্ষেত্ৰতেই প্ৰকোষকেন্দ্ৰীয় কোষবিলাক সংকোষকেন্দ্ৰীয় কোষতকৈ পৃথক।
Q. 3. কোষৰ কোষাবৰণ ফাটি গলে কি হব?
উত্তৰ:- কোষৰ কোষাবৰণৰ কাম হল, ই কিছুমান দ্ৰৱ্যক কোষৰ ভিতৰলৈ বা বাহিৰলৈ যোৱাত সহায় কৰে। তাৰোপৰি, কিছুমান দ্ৰৱ্যক কোষাৱৰণে সৰকি যোৱাত বাধা দিয়ে।
গতিকে, কোষাৱৰণ ফাটি গলে কোষ এটাই ওপৰত উল্লেখ কৰা কামবোৰ কৰাত অসমৰ্থ হব আৰু কোষটোৰ মৃত্যুও হব পাৰে।
Q.4. কোষ একোটাত যদি গলজি সংঘ নাথাকে তেন্তে কোষটোৰ জীৱনত কি প্ৰভাৱ পৰিব?
উত্তৰ:- গলজি সংঘৰ কাম হল, অন্তঃপ্ৰৰসীয় জালিকাৰ গাতে সংশ্লেষিত হোৱা পদাৰ্থসমূহ গলজি সংঘই কোষৰ ভিতৰৰ পৰা বাহিৰলৈ অনা নিয়াত অংশগ্ৰহণ কৰে।
গলজি সংঘৰ কাৰ্য হল, সঞ্চয়, উৎপাদিত পদাৰ্থবিলাকৰ বন্ধন (Packaging) আৰু ৰূপান্তৰণ। কোনো কোনো ক্ষেত্ৰত, গলজি সংঘই সৰল শৰ্কৰাক জটিল শৰ্কৰালৈ পৰিৱৰ্তন কৰিব পাৰে। ই লাইছ'জম গঠন কৰাতো সহায় কৰে।
গতিকে, কোষ একোটাত যদি গলজি সংঘ নাথাকে তেন্তে উপৰত উল্লেখিত কামবোৰ অসমৰ্থ হব। ইয়াৰ ফলত কোষ এটাৰ মৃত্যুও হব পাৰে।
Q. 5. কোনটো কোষ অংগাণুক কোষৰ শক্তিৰ ভঁৰাল বুলি আখ্যা দিয়া হয় আৰু কিয়?
উত্তৰ:- “মাইট'কন্ড্ৰিয়াক" ( Mitochondria) কোষৰ শক্তিৰ ভঁৰাল বুলি আখ্যা দিয়া হয়।
জীৱৰ জীৱন নিৰ্বাহত সংঘটিত হোৱা বিভিন্ন ৰাসায়নিক বিক্ৰিয়াৰ বাবে প্ৰয়োজনীয় শক্তি নিহিত হৈ থাকে এ. টি. পি ( Adenocine Triphosphate বা ATP) ত। ATP ৰ অণুবিলাক মাইট'কন্ড্ৰিয়াই উৎপাদন কৰে ;সেইবাবে মাইট'কন্ড্ৰিয়াক কোষৰ শক্তিৰ ভঁৰাল বুলি আখ্যা দিয়া হয়।
Q. 6. কোষাৱৰণখন গঠনৰ বাবে লাগতিয়াল লিপিড আৰু প্ৰ'টিনবিলাক কত সংশোধিত হয়।
উত্তৰ:- i) প্ৰ' টিনবোৰ ৰাইব'জমত আৰু
ii) লিপিডবোৰ অন্তঃপ্ৰৰসীয় জালিকাত।
Q.7. এমিবাই কিদৰে আহাৰ গ্ৰহণ কৰে?
উত্তৰ:- কোষাবৰণ নমনীয় গুণবিশিষ্ট হোৱাৰ বাবে কোষে বহিঃ পৰিৱেশৰ পৰা খাদ্য আৰু অন্য বস্তু গিলিব (engulf) পাৰে । এনে প্ৰক্ৰিয়াক “অন্তঃকোষীয় ভক্ষণ" (Endoyotosis) বুলি কোৱা হয়। এমিবাই এই প্ৰক্ৰিয়াৰে খাদ্য গ্ৰহণ কৰে।
Q. 8. আসৃতি কি?
উত্তৰ:- “আসৃতি" হল অৰ্ধভেদ্য আৱৰণৰ মাজেদি পানীৰ অণুৰ ব্যাপণ হোৱা প্ৰক্ৰিয়া।