বল আৰু গতিবিষয়ক সুত্ৰসমূহ । অধ্যায়- 9 | Class 9 General Science | Question Answer Assam | নৱম শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ উত্তৰ |Class 9 General Science Suggestion | Class 9 General Science Notes

 

বল আৰু গতি বিষয়ক সূত্ৰসমূহ – – Notes


অসমীয়া মাধ্যমৰ, বিজ্ঞান বিষয়ৰ নৱম শ্ৰেণীৰ, অধ্যায়-9 বল আৰু গতি বিষয়ক সূত্ৰসমূহ – Notes – Force And Laws Of Motion ৷ 

বল আৰু গতি বিষয়ক সূত্ৰসমূহ – Notes

গতি বিষয়ক প্ৰথম সূত্ৰ – গতি বিষয়ক প্ৰথম সূত্ৰ আনুসৰি কোনো অসন্তুলিত বলে ক্ৰিয়া নকৰা পৰ্যন্ত স্থিতিশীল বস্তু এটা স্থিতিশীল অৱস্থাত আৰু গতিশীল বস্তুৱে সুষম বেগেৰে সৰল ৰেখাৰে গতি কৰি থাকিব ৷

গতি বিষয়ক  দ্বিতীয় সূত্ৰ –  গতি বিষয়ক  দ্বিতীয় সূত্ৰ অনুসৰি বস্তু এটাৰ ভৰবেগৰ পৰিবৰ্তনৰ হাৰ প্ৰয়োগ কৰা অসন্তুলিত বলৰ দিশত তাৰ সমাণুপাতিক ৷

গতি বিষয়ক  তৃতীয় সূত্ৰ –  গতি বিষয়ক  তৃতীয় সূত্ৰ অনুসৰি প্ৰতিটো ক্ৰিয়াৰে এটা সমান আৰু বিপৰীত প্ৰতিক্ৰীয়া থাকে ৷

জড়তা – বস্তু এটাৰ স্থিতিশীল অৱস্থাৰ ৱা সুষম বেগেৰে গতিশীল অৱস্থাতৰ পৰিবৰ্তনক বাধা দিয়াৰ স্বাভাৱিক প্ৰৱণতাক বস্তুটোৰ জড়তা বোলে ৷

স্থিতি জড়তা – কোনো অসন্তুলিত বলে ক্ৰিয়া নকৰা পৰ্যন্ত স্থিতিশীল বস্তু এটা স্থিতিশীল অৱস্থাত আৰু গতিশীল বস্তু এটা সুষম বেগেৰে সৰল ৰেখাৰে গতি কৰি থাকিব বিচাৰে ৷ বস্তু এটাৰ স্থিতিশীল অৱস্থাৰ পৰিবৰ্তনক বাধা দিয়াৰ স্বাভাৱিক প্ৰৱণতাক বস্তুটোৰ স্থিতি জড়তা বোলে ৷

গতি জড়তা –

কোনো অসন্তুলিত বলে ক্ৰিয়া নকৰা পৰ্যন্ত স্থিতিশীল বস্তু এটা স্থিতিশীল অৱস্থাত আৰু গতিশীল বস্তু এটা সুষম বেগেৰে সৰল ৰেখাৰে গতি কৰি থাকিব বিচাৰে ৷ বস্তু এটাৰ গতিশীল অৱস্থাৰ পৰিবৰ্তনক বাধা দিয়াৰ স্বাভাৱিক প্ৰৱণতাক বস্তুটোৰ স্থিতি জড়তা বোলে ৷

জড়তাৰ সূত্ৰ – গতি বিষয়ক প্ৰথম সুত্ৰটোকে জড়তাৰ সূত্ৰ বোলে ৷ গতি বিষয়ক প্ৰথম সূত্ৰ আনুসৰি কোনো অসন্তুলিত বলে ক্ৰিয়া নকৰা পৰ্যন্ত স্থিতিশীল বস্তু এটা স্থিতিশীল অৱস্থাত আৰু গতিশীল বস্তুৱে সুষম বেগেৰে সৰল ৰেখাৰে গতি কৰি থাকিব ৷

ভৰবেগ – বস্তু এটাৰ ভৰবেগ হ’ল বস্তুটোৰ ভৰ আৰু বেগৰ গুণফল ৷

ভৰবেগৰ এছ. আই (SI) একক kgms-1

বলৰ এছ. আই (SI) একক kgms-2 বা নিউটন(N) ৷

1 নিউটন বল – কোনো এটা 1 kg ভৰৰ বস্তুৰ ওপৰত ক্ৰিয়া কৰা বলে যদি বস্তুটোৰ 1

kgms-2  ত্বৰণ সৃষ্টি কৰে তেনেহ’লে ক্ৰিয়া কৰা বলৰ মান হ’ব 1 নিউটন ৷

ভৰবেগৰ সংৰক্ষণ সূত্ৰ – ভৰবেগৰ সংৰক্ষণ সূত্ৰ অনুসৰি বাহ্যিক অসন্তুলিত বলে ক্ৰিয়া নকৰা পৰ্যন্ত দুটা বস্তুৰ সংঘাটৰ আগৰ মুঠ ভৰবেগ, সংঘাটৰ পিছৰ মুঠ ভৰবেগৰ সমান হ’ব ৷

অধ্যায়- 9

বল আৰু গতিবিষয়ক সুত্ৰসমূহ



১) তলত দিয়া কোনটো বস্ত্তৰ জড়তা বেছি

ক) এটা ৰবৰৰু বল আৰু এটা একে আকাৰৰ শিলৰ বল?

খ) এখন চাইকেল আৰু এখন ৰেলগাড়ী?

উত্তৰঃ আমি জানো যে বেছি ভৰযুক্ত বস্ত্তৰ জড়তা বেছি।

গতিকে- 

ক) শিলৰ বলটোৰ ভৰ বেছি গতিকে ইয়াৰ জড়তা ৰবৰৰ বলতকৈ বেছি।

খ)ৰে’ল গাড়ীখনৰ জড়তা চাইকেলতকৈ বেছি কাৰণ ভৰ বেছি ।

গ) পাঁচটকীয়া মুদ্ৰাটোৰও জড়তা এককটীয়া মুদ্ৰাতকৈ বেছি।



২)তলত দিয়া উদাহৰণতকৈ বলটোৰ বেগৰ পৰিৱৰ্তন কিমানবাৰ হৈছে 

ঠাৱৰ কৰিবলৈ চেষ্টা কৰাৰ এজন ফুটবল খেলুৱৈয়ে ফুটবলটো তেওঁৰ দলকৰ অন্য এজন খেলুৱৈয়ে আগবঢ়াই দিছে, যিজনে বলটো গ’ললৈ মাৰিছে।

বিপৰীত দলৰ গল ৰক্ষকজনে বলটো ধৰি তেওঁৰ নিজৰ দলৰ অন্য এজন খেলুৱৈলৈ আগবঢঞাই দিছে। প্ৰত্যেক ক্ষেত্ৰতে বলৰ যযোগান ধৰা অভিকৰ্তাজনক চিনাক্ত কৰা।

উত্তৰঃ ইয়াত মুঠতে 4 বাৰ (চাৰি)বলটোৰ বেগৰ পৰিৱৰ্তন হৈছে।

1) প্ৰথম বাৰ যেতিয়া প্ৰথম খেলুৱৈ জনে নিজৰ দললৈ দিব্তীয় জনক দিলে বলটো।অভিকৰ্তা জন হ’ব প্ৰথম খেলুৱৈ।

2) দ্বিতীয়বাৰ যেতিয়া আনজন খেলুৱৈ বলটো গ’ললৈ মাৰি পঠালে বেগৰ পৰিৱৰ্তন হ’ল বলটোৰ।অভিকৰ্তাজন হ’ব দ্বিতীয় খেলুৱৈ জন। 

3) তৃতীয়বাৰ যেতিয়া গ’লৰক্ষকজনে বলটো ৰখালে তেতিয়াও বেগৰ পৰিৱৰ্তন হ’ল।অভিকৰ্তাজন হ’ব গ’লৰক্ষকজন।

4) চতুৰ্থবাৰ যেতিয়া গ’লৰক্ষকজনে বলটো তেওঁৰ দ’লৰ অন্য এজন খেলুৱৈলৈ মাৰি পঠালে বলটো ইয়াত অভিকৰ্তাজন হ’ব গ’লৰক্ষকজন।


৩) গছৰ ডাল এডাল জোৰকৈ জোকাৰি দিলে পাত কিয় সৰি পৰে বাখ্যা কৰা।

উত্তৰঃ গছ এডাল সাধাৰণতে স্থিৰ অৱস্থাত থাকেলগত ইয়াৰ পাতবোৰও।কিন্ত্ত গছৰ ডাল এডাল জোকাৰি দলে হঠাৎ গতি জড়তা লাভ কৰেঁ, কিন্ত্ত পাতবোৰ স্থিতিজড়তা অৱস্থাতে থাকিব খোজে মানে একে ঠাইতে ৰৈ থাকিব খোজে।ফলত গছডাল জোকাৰি দিলে বিপৰীত ক্ৰিয়াৰ বাবে পাতবোৰ সৰি যায়।


৪) চলন্ত বাছ এখন হঠাৎ ৰৈ গ’লে আমি আগলৈ আৰু ৰৈ বাছ এখন হঠাৎ ত্বৰিক হ’ল আমি পিছলৈ যাওঁ কিয়?

উত্তৰঃ চলন্ত বাছ এখনে চলি থকা অৱস্থাত গতি জড়তা লাভ কৰে।বাছখনৰ সৈতে তাত থকা যাত্ৰীবোৰো গতি জড়তা থাকে।বাছখন হঠাৎ ৰৈ গ’লে যাত্ৰীবোৰৰ তলৰ অংশ যি অংশ গাড়ীত লাগি থাকে সেই অংশ স্থিৰ হয় যদিও গতি জড়তাৰ বাবে ওপৰৰ অংশ আগফালে হালি যায়।

      আনহাটে, ৰৈ থকা বাছ এখনৰ যাত্ৰীবোৰও বাছখনৰ সৈতে স্থিতি জড়তাত থাকে।বাছখন হঠাৎ গতি কৰিলে বাছখনে গতি জড়তা 

লাভ কৰে আৰু যাত্ৰীবোৰৰ তলৰ অংশই বাছৰ লগতে গতি লাভ কৰে।কিন্ত্ত ওপৰৰ অংশ স্থিতি জড়তাৰ বাবে স্থিৰ হৈ থাকিব বিচাৰে বাবে পিছফালে হালি যায়।

৫) যদি ক্ৰিয়া সদায় প্ৰতিক্ৰিয়াৰ সমান, তেন্তে ঘোঁৰা এটাই গাড়ীখন কেনেকৈ টানিব পাৰে বাখ্যা কৰা।

উত্তৰঃ ঘোঁৰা এটাই গাড়ীখন টানিবৰ বাবে ভৰিৰে মাটিৰ ওপৰত বল প্ৰয়োগ কৰে।মাটিয়েও সমান আৰু বিপৰীত দিয়াত ঘোঁৰাৰ ভৰিত বল প্ৰয়োগ কৰে যাৰ ফলত ঘোঁৰাই গাড়ীখন টানিব পাৰে।


৬) অগ্নিনিৰ্বাপক বাহিনীৰ কৰ্মী এজনেত তীব্ৰ বেগেৰে পানী ওলোৱা পাইপৰ মূৰটো ধৰি অসুবিধা পায় বাখ্য কৰা।

উত্তৰঃ তীব্ৰ বেগেৰে পানী ওলাই যাওতে পাইপ ডালত প্ৰতিক্ৰিয়া বল প্ৰয়োগ কৰি পিছলৈ ঠেলে।সেয়েহে অগ্নিনিৰ্বাপক বাহিনীৰ কৰ্মী এজনে তীব্ৰ বেগেৰে পানী ওলোৱা পাইপৰ মূৰটো ধৰি ৰখাত অসুবিধা পায়।


৭) 4 Kg ভৰ বন্দুক এটাৰ পৰা 50 g ভৰৰ গুলী এটা 35m s--1প্ৰাৰম্ভিক বেগেৰে ওলাই গৈছে।বন্দুক-টোৰ প্ৰাৰম্ভিক প্ৰতিক্ষেপ বেগ কিমান? 


৮) 100 g আৰু 200 g ভৰৰ দুটা বস্ত্ত একে দিশত আৰু একে সৰল ৰেখাৰ ক্ৰমে 2ms-1 আৰু 1 m s-1 বেগেৰে গতি কৰি আছে সিহঁত সংঘাতত লিপ্ত 

হ’ল আৰু তাৰ পিছত প্ৰথমটোৰ বেগ 1  ms-হ’ল।দ্বিতীয়টোৰ বেগ নিৰ্ণয় কৰা।


অনুশীলনী


1. বস্ত্ত এটাই কোনো বাহ্যিক অসন্ত্তলিত বল অনুভৱ কৰা নাই।বস্ত্তটোৱে কিবা বেগেৰে গতি কৰি থকাটো সম্ভৱনে? যদি সম্ভৱ, তেন্তে বেগৰ মান আৰু দিশৰ ওপৰত আৰোপ কৰিবলগীয়া চৰ্তসমূহ উল্লেখ কৰা।যদি নহয়, কাৰণ দৰ্শোৱা।

উত্তৰঃ বস্ত্ত এটাই বাহ্যিক অসন্ত্তলিত বল অনুভৱ নকৰিলেও বস্ত্ত এটাই গতি কৰি থাকিব পাৰে।

1) স্থিৰ বেগেৰে নিৰ্দিষ্ট দিশত গতি কৰিলে।

2) বাহ্যিক বাধা যেনে ঘৰ্ষণ বা বায়ুৰ প্ৰভাৱ নপৰিলে।


2. দলিচা এখন মাৰিৰে কোবালে, ধুলিবোৰ ওলাই আহে।বাখ্যা কৰা।

উত্তৰঃ দলিচা এখনত যেতিয়া মাৰিৰে কোবোৱা হয় তেতিয়া ই গতিশীলতা লাভ কৰে কিন্ত্ত তাত থকা ধুলিবোৰ স্থিতিজড়তাৰ বাতে স্থিতিশীল অৱস্থাতে থআকিব বিছাৰে।ফলত ধুলিবোৰ ওলাই আহে।

3. বাছৰ মধছত ৰখা বস্ত্তবোৰ ৰছিৰে বান্ধি ৰাখিবলৈ কিয় কোৱা হয়।

উত্তৰঃ বাছৰ মুধছত থকা বস্ত্তবোৰ ৰছিৰে বান্ধি ৰাখিবলৈ কোৱা হয় কাৰণ-

যেতিয়া বাছখন গতি কৰি থাকে তেতিয়া বস্ত্তবোৰেও একে বেগত গতি জড়তাত থাকে।ফলত বাছ খনে হঠাৎ ব্ৰেক প্ৰয়োগৰ বাবে বস্ত্তবোৰে অৱস্থাৰ পৰিৱৰ্তনৰ বিৰোধিতা কৰে আৰু আগফালে পৰি যাব পাৰে।আনহাতে ৰখাই থোৱা বাছ এখন হঠাৎ গতি কৰে তেতিয়া মূধচৰ বস্ত্তবোৰে স্থিতিজড়তাৰ বাবে পিছফালে পৰি যাব পাৰে।


4. ক্ৰিকেট খেলৰ বেট ধৰোঁতাজনে মৰা বলটো মাটিৰে অলপ দূৰ বাগৰি গৈ ৰৈ যায়।বলটো ৰৈ যোৱাৰ কাৰণ হ’ল-

ক) বেট ধৰোঁতাজনে বলটো পৰাযাপ্ত জোৰেৰে নামাৰিলে।

খ) বলটোৰ বেগ ইয়াৰ ওপৰৰ প্ৰয়োগ কৰা বলৰ সমাণুপাতিক।

গ) বলটোৰ গতিৰ বিৰোধিতা কৰা বল এটা ক্ৰিয়াশীল হৈ আছে।

ঘ) বলটোৰ ওপৰত কোনো অসন্ত্তলিত বলে ক্ৰিয়া কৰা নাই আৰু সেই বাবেই বলটো ৰৈ যাব খোজে।

উত্তৰঃ গ) বলটোৰ গতিৰ বিৰোধিতা কৰা বল এটা ক্ৰিয়াশীল হৈ আছে।


5. ৰৈ থকা অৱস্থাৰ পৰা ট্ৰাক এখনে পাহাৰৰ পৰা স্থিৰ ত্বৰণেৰে নামি আহিছে।ই 20s ত 400m দূৰত্ব অতিক্ৰম কৰিলে ইয়াৰ ত্বৰণ নিৰ্ণয় কৰা।যদি ট্ৰাক খনৰ ভৰ 7 মেট্ৰিক টন হয় তেন্তে ট্ৰাক খনৰ ওপৰত ক্ৰিয়া কৰা বলৰ মান নিৰ্ণয় কৰা।

= (ইংগিত 1 টন = 1000 kg)



6. 1 Kg ভৰৰ শিল এটা হিমীভূত (Frozen) হ্ৰদ এটাৰ পুষ্টৰ ওপৰেদি  20\s বেগেৰে দলিয়াই দিয়াত সি 250 m দূৰত্ব অতিক্ৰম কৰি ৰৈ গ’ল।শিলটো আৰু বৰফৰ মাজৰ ঘৰ্ষণ বল কিমান?






7. 8000 Kg ভৰৰ ইঞ্জিন এটাই প্ৰতিটো 2000 Kg ভৰৰ 5 টা ডবা অনুভূমিক ৰে’ল লাইনৰ ওপৰেদি টানি নিছে।যদি ইঞ্জিনটোৱে প্ৰয়োগ কৰা বল 40000 N আৰু ৰে’ল লাইন দিয়া ঘৰ্ষণ বল 5000 N হয়, তেন্তে তলত দিয়া ৰাশি কেইটা ওলোৱা।

(ক) ত্বৰণ উৎপন্নকাৰী মুঠ বল 

খ) ৰে’ল গাড়ীখন ত্বৰণ আৰু

গ) 1নংডবাই 2নং ডবাৰ ওপৰত প্ৰয়োগ কৰা বল।







10. 200 N অনুভুমিক বল প্ৰয়োগ কৰি কাঠ বাকচ এটা মজিয়া এখনেৰে স্থিৰ বেগেৰে নিয়াৰ চেষ্টা কৰা হৈছে।মজিয়াখনে বাকচটোৰ ওপৰত প্ৰয়োগ কৰা ঘৰ্ষণ বলৰ মান কিমান?

উত্তৰঃ- কাঠৰ বাকচটোৱে স্থিৰ বেগেৰে গতি কৰিছে।ইয়াত ত্বৰণ হোৱা নাই অৰ্থাৎ 200 N বল ঘৰ্ষণ বলক সন্ত্তলিত কৰিছে।

   সেয়েহে ঘৰ্ষণ বলৰ মান 200 N আৰু ই গতিৰ বিপৰীত দিশত ক্ৰিয়া কৰে।




12. গতি বিষয়ক তৃতীয় সুত্ৰ মতে আমি যদি বস্ত্ত এটা ঠেলো তেন্তে বস্ত্তটোৱে আমাক সমান আৰু বিপৰীত বলেৰে পিছলৈ ঠেলিব।যদি বস্ত্তটো ৰাস্তাৰ কাষত লগাই থোৱা এখন গধুৰ ট্ৰাক হয়, তেন্তে ই লৰচৰ নকৰাৰ সম্ভাৱ নাই বেছি।সমান আৰু বিপৰীত বলে পৰস্পৰক সন্ত্তলিত কৰে বুলি ছাত্ৰ সকলে যুক্তি আগবঢ়াই দি ইয়াৰ ন্যায়তা প্ৰতিপালন কৰিছে।এই যুক্তিৰ ওপৰত তোমাৰ মতামত দিয়া আৰু ট্ৰাকখন কিয় লৰচৰ নকৰে তাৰ বাখ্যা দিয়া।

উত্তৰঃ- ক্ৰিয়া আৰু প্ৰতিক্ৰিয়াই বেলেগ বেলেগ বস্ত্তৰ ওপৰত ক্ৰিয়া কৰে সেয়েহে ইটোৱে সিটোক লৰচৰ কৰিব নোৱাৰে।

   ইয়াত ট্ৰাক খনৰ ভৰ যথেষ্ট বেছি সেয়েহে ইয়াৰ জড়তাও বেছি।লগতে ট্ৰাকখনৰ চকা আৰু ৰাস্তাৰ মাজৰ ঘৰ্ষণ বলৰ তুলনাত আমি ঠেলা বলটো অতি কম।সেই বাবেহে ট্্টাক

এখন আমি ঠেলিলেও লৰচৰ নকৰে।














17. আখটা, কিৰণ আৰু ৰাহুল দ্ৰুতবেগী পথত মটৰ গাড়ীৰে তীব্ৰ বেগেৰে গৈ থকা অৱস্থাত পোক এটাই গাড়ীৰ বায়ুৰোধী ঢালখনত (Windshield) খুন্দা মাৰি ঢালখনত লাগি ধৰিল।আখটাৰ আৰু কিৰণে বিষয়টোৰ চিন্তা-চৰ্চা কৰিব ধৰিলে।কিৰণে যুক্তি দিলে যে গাড়ীখন ভৰবেগৰ পৰিৱৰ্ণনতকৈ পোকটোৰ ভৰবেগৰ পৰিৱৰ্তণ অধিক (কাৰণ গাডীখনতকৈ পোকটোৰ বেগৰ পৰিৱৰ্তণ অধিক)।আখটাৰে ক’লে যিহেতু গাড়ীখন অধিক বেগেৰে গৈ আছিল, ই পোকটোৰ ওপৰত অধিক বল প্ৰয়োগ কৰিলে আৰু তাৰ ফলত পোকটো মৰিল।ৰাহুলে সম্পূৰ্ণ নতুন এটা বাখ্যা দি ক’লে যে মটৰগাড়ী আৰু পোক দুয়োটাই একেই বল আৰু ভৰবেগৰ একেই পৰিৱৰ্তন অনুভৱ কৰিছিল।এই যুক্তি সমূহৰ ওপৰত মতামত দিয়া।
উত্তৰঃ গাড়ীখনৰ ভৰবেগৰ পৰিমাণ পোকতকৈ বেছি কিন্ত্ত পপোকটোৰ ভৰবেগ কম।গতিকে ভৰবেগৰ পৰিৱৰ্তন বেছি হয়।সেইবাবে পোকটোৰ ওপৰত ক্ৰিয়া্ কৰা বল বেছি।সেইবাবে পোকটো মৰি যায়।গতিকে কিৰণৰ কথাটোৰ শুদ্ধতা আছে।আখতাৰে কোৱা কথাটোৰো সত্যতা আছে।যিহেতু গাড়ীখনৰ ভৰ আৰু বেগ দুয়োটাই বেছি গতিকে ভৰবেগ বেছি।বেছি ভৰবেগ বাবে ক্ৰিয়া কৰা বল বেছি।ৰাহুলে কোৱা কথাৰ সত্যতা নাই।কাৰণ গাড়ীখন আৰু পোকটোৰ ভৰবেগ সমান হ’ব নোৱাৰে কেতিয়াও।সদায় গাড়ীয়ে ক্ৰিয়া কৰা বল পোকটোৱে ক্ৰিয়া কৰা বলৰ বেছি হ’ব।গাড়ীখনৰ ভৰবেগ সলনি নহয়

কিন্ত্ত পোকটোৰ হ’ব।





                               অতিৰিক্ত অনুশীলনী

A1. বস্ত্ত এটাৰ গতিৰ দূৰত্ব-সময় তালিকা দিয়া হ

চাপ

ছেকেণ্ড হিচাপত সময়           

মিটাৰ হি ত দূৰত্ব

0

0

1

1

2

8

3

27

4

64

5

125

6

216

7

343

 

a) ত্বৰণ সম্পৰ্কে কি সিদ্ধান্ত লবাস্থিৰ, ক্ৰমবৰ্দ্ধমান, ক্ৰমহ্ৰাসমান নে শূন্য?

উত্তৰঃ- ক্ৰমবৰ্দ্ধমান, কাৰণ সময়ৰ লগে লেগ দূৰত্ব বাঢ়ি

 গৈছে।

b) বস্ত্তটোৰ ওপৰত ক্ৰিয়া কৰা বলৰ সম্পৰ্কে মন্তব্য কৰিব?

উত্তৰঃ  আমিজানো

ইয়াত মানে ভৰ স্থিৰ ত্বৰণ সময়ৰ লগে লগে বাঢ়ি গৈছে গতিকে বল (F) ৰ মানও বাঢ়িব।







Previous Post Next Post