গতি
ইয়াত অসমীয়া মাধ্যমৰ, বিজ্ঞান বিষয়ৰ, প্ৰশ্নৰ উত্তৰ সমূহ দিয়া হৈছে ৷ নৱম শ্ৰেণীৰ, অধ্যায়- 8 গতি (Motion ) পাঠটিত থকা প্ৰশ্নৰ উত্তৰ সমূহ ইয়াত পাব ৷
গতি – প্ৰশ্নাৱলী, Page No – 100
1. বস্তু এটাই এক নিদিষ্ট দূৰত্ব অতিক্ৰম কৰিলে। ইয়াৰ সৰণ ‘শূন্য’ হ’ব পাৰেনে ? যদি পাৰে, তেন্তে তোমাৰ উত্তৰৰ সমৰ্থনত উদাহৰণ এটা দিয়া ।
উত্তৰ – হয়, বস্তু এটাই এক নিদিষ্ট দূৰত্ব অতিক্ৰম কৰিলে। ইয়াৰ সৰণ ‘শূন্য’ হ’ব পাৰে ৷ উদাহৰণ –
ধৰাহ’ল,
এখন গাড়ীয়ে 30 km দৈৰ্ঘৰ পথ এটাত A বিন্দুৰ পৰা D বিন্দুলৈ যাত্ৰা কৰিছে ৷
D বিন্দুত গাড়ীখনে অতিক্ৰম কৰা দূৰত্ব হ’ব = 30 km
D বিন্দুত গাড়ীখনৰ সৰণ হ’ব = 30 km
গাড়ীখনে D বিন্দুৰ পৰা C বিন্দুলৈ উভতি আহিলে,
C বিন্দুত গাড়ীখনে অতিক্ৰম কৰা দূৰত্ব হ’ব = AD + DC
=30 km + 10 km
= 40 km
C বিন্দুত গাড়ীখনৰ সৰণ হ’ব = AD – DC
= 30 – 10
= 20 km
এতিয়া, গাড়ীখন A বিন্দুত উপস্থিত হ’ল –
A বিন্দুত গাড়ীখনে অতিক্ৰম কৰা দূৰত্ব হ’ব = AD + DC + CA
= 30 km + 10 km + 20km
= 60 km
A বিন্দুত গাড়ীখনৰ সৰণ হ’ব = 0 km
এতেকে দেখা গ’ল যে গাড়ীখনে 60km দূৰত্ব আতিক্ৰম কৰাৰ পিছত সৰণৰ মান শূন্য হ’ল ৷
2. খেতিয়ক এজনে 10m বাহুৰ বগাকৃতি পথাৰ এখনৰ সীমাৰে 40 ছেকেণ্ডত ভ্ৰমণ সম্পূর্ণ কৰে। 2 মিনিট 20 ছেকেণ্ড সময় অতিবাহিত হোৱাৰ পিছত প্ৰাৰম্ভিক অৱস্থানৰ পৰা তেঁওৰ সৰণৰ মান কিমান হ’ৱ ?
উত্তৰ –
ধৰাহ’ল, ABCD এখন বৰ্গাকাৰ পথাৰ ৷
খেতিয়ক এজনে বগাকৃতি পথাৰখনৰ সীমাৰে 40 ছেকেণ্ডত ভ্ৰমণ সম্পূর্ণ কৰে।
খেতিয়কজনে 40 ছেকেণ্ডত বগাকৃতি পথাৰখনৰ = 1 পাক সম্পূৰ্ণ কৰে
খেতিয়কজনে 2 মিনিট 20 ছেকেণ্ড(140s)ত সম্পূৰ্ণ কৰিব = 1/40 x 140
= 3.5 পাক
অৰ্থাৎ খেতিয়কজনে যদি A বিন্দুৰ পৰা ভ্ৰমণ আৰম্ভ কৰে তেনেহ’লে তেঁও C বিন্দুত 3.5 পাক সম্পূৰ্ণ কৰিব ৷
গতিকে চিত্ৰৰ পৰা আমি পাঁও, খেতিয়কজনৰ সৰণৰ মান AC হ’ব ৷ খেতিয়কজনৰ সৰণৰ মান,
এতেকে ,প্ৰাৰম্ভিক অৱস্থানৰ পৰা খেতিয়কজনৰ সৰণৰ মান হ’ব 14.14 m |
3. সৰণৰ ক্ষেত্ৰত তলৰ কোনটো সত্য ?
(a) ই শূন্য হ’ব নোৱাৰে।
(b) ইয়াৰ মান বস্তুটোৱে অতিক্রম কৰা দৰত্বতকৈ বেছি ।
উত্তৰ – (a) ই শূন্য হ’ব নোৱাৰে। – অসত্য কাৰণ সৰণৰ মান শূন্য হ’ব পাৰে ৷
(b) ইয়াৰ মান বস্তুটোৱে অতিক্রম কৰা দৰত্বতকৈ বেছি । – অসত্য কাৰণ সৰণৰ মান বস্তুটোৱে অতিক্রম কৰা দৰত্বতকৈ কম বা সমান হয় ৷
প্ৰশ্নাৱলী, Page No – 102
1. দ্রুতি আৰু বেগৰ পার্থক্য লিখা ।
উত্তৰ – দ্রুতি আৰু বেগৰ পার্থক্য সমূহ তলত উল্লেখ কৰা হ’ল –
| দ্রুতি | বেগ |
| 1. দ্ৰুতি হ’ল বস্তু এটাই একক সময়ত অতিক্ৰম কৰা দূৰত্ব ৷ | 1. বেগ হ’ল বস্তু এটাৰ প্ৰতি একক সময়ৰ সৰণ ৷ |
| 2. দ্ৰুতি স্কেলাৰ ৰাশি ৷ | 2. বেগ ভেক্টৰ ৰাশি ৷ |
| 3. দ্ৰতিৰ মান আছে দিশ নাই ৷ | 3. বেগৰ মান আৰু দিশ দুয়োটাই আছে ৷ |
| 4. দ্ৰুতি = অতিক্ৰম কৰা মুঠ দূৰত্ব/অতিবাহিত মুঠ সময় | 4. বেগ = সৰণ/অতিবাহিত মুঠ সময় |
2. কি চৰ্ত বা কি কি চৰ্ত সাপেক্ষে বস্তুৰ গড় বেগৰ মান তাৰ গড় দ্ৰুতিৰ সমান হয় ?
উত্তৰ – গড় দ্ৰুতি = অতিক্ৰম কৰা মুঠ দূৰত্ব/অতিবাহিত মুঠ সময়
গড় বেগ = সৰণ/অতিবাহিত মুঠ সময়
বস্তু এটাৰ অতিক্ৰম কৰা দূৰত্ব বস্তুটোৰ সৰণৰ সমাণ হ’লে বস্তুটোৰ গড় বেগৰ মান তাৰ গড় দ্ৰুতিৰ সমান হয় ৷
3. মটৰগাড়ীৰ অড’মিটাৰে (odometer) কি জোখে ?
উত্তৰ – মটৰগাড়ীৰ অড’মিটাৰে গাড়ীখনে অতিক্ৰম কৰা মুঠ দুৰত্ব জোখে ৷
4. সুষভাৱে গতিশীল বস্তু এটাৰ গতিপথ কেনেকুৱা ?
উত্তৰ – সুষভাৱে গতিশীল বস্তু এটাৰ গতিপথ সৰল ৰৈখিক ৷
5. পৰীক্ষা এটাৰ সময়ত মহাকাশযান এখনৰ পৰা প্ৰেৰিত সংকেত এটা 5 মিনিটত ভূমিস্থিত ষ্টেচনত সংগ্রীহিত হ’ল। ভূমিস্থিত ষ্টেচনৰ পৰা মহাকাশযান খনৰ দূৰত্ব কিমান ইব ? সংকেতটোৱে পোহৰৰ দ্ৰুতিৰে অর্থাৎ 3 x 108 ms-1 দ্রুতিৰে গতি কৰে।
উত্তৰ – দিয়া আছে,
সময়, t = 5 min = 5 x 60 = 300 s
দ্ৰুতি , v = 3 x 108 ms-1
দূৰত্ব, s = ?
আমি জানো যে,
v = s/t
s = 3 x 108 x 300
s = 9 x 1010 m
ভূমিস্থ ষ্টেচনৰ পৰা মহাকাশযান খনৰ দূৰত্ব হ’ব 9 x 1010 m ৷
প্ৰশ্নাৱলী, Page No – 103
1. তুমি কেতিয়া বস্তু এটাৰ (1) সুষম ত্বৰণ (ii) বিষম ত্বৰণ হোৱা বুলি ক’বা ?
উত্তৰ –
(i) সুষম ত্বৰণ – যদি বস্তু এটা সৰল ৰেখাৰে গতিশীল আৰু ইয়াৰ বেগ সমান সময়ৰ অন্তৰালত সমান সমান পৰিমাণে বাঢ়ে বা কমে, তেতিয়া বস্তুটোৰ ত্বৰণক সুষম বুলি কোৱা হয়৷
উদাহৰণ – মুক্তভাৱে অধোগমন কৰা বস্তু এটাৰ গতি সুষমভাৱে ত্বৰিত গতিৰ এটা উদাহৰণ ৷
(ii) বিষম ত্বৰণ – গতিশীল বস্তু এটাৰ বেগ বিষম হাৰত পৰিবৰ্তিত হ’লে তাৰ ত্বৰণক বিষম ত্বৰণ বুলি কোৱা হয় ৷
উদাহৰণ – যদি গাড়ী এখনে পোন পথত সমান সমান সময়ৰ অন্তৰালত বেলেগ বেলেগ পৰিমাণে দ্ৰুতিৰ বৃদ্ধি কৰে তেন্তে গাড়ীখনে বিষম ত্বৰণেৰে গতি কৰা বুলি কোৱা হয় ৷
2. বাছ এখনৰ দ্ৰুতি 5 ছেকেণ্ডত 80 kmh-1 ৰ পৰা 60 kmh-1 লৈ হ্রাস পালে। বাছখনৰ ত্বৰণ নির্ণয় কৰা।
উত্তৰ –
3. ৰে’লগাড়ী এখনে ষ্টেচন এটাৰ পৰা যাত্ৰা আৰম্ভ কৰি সুষম ত্বৰণেৰে 10 মিনিটত তাৰ দ্ৰুতি 40kmh-1 লৈ বৃদ্ধি কৰিলে।ইয়াৰ ত্বৰণ নির্ণয় কৰা ।
উত্তৰ –














